তোমাক ভালপাও বাবেই পৃথিৱীৰ স'তে মোৰ ভালপোৱা

   জীৱন আৰু  ভালপোৱাক পৃথক কৰিব নোৱাৰি। ভালপোৱা অবিহনে জীৱন জীয়াই নাথাকে।পৃথিৱী বা  প্ৰকৃতিৰ যিকোনো বস্তুৰ প্ৰতি ভালপোৱাই মানুহক  জীয়াই ৰাখে।আৰু কেতিয়াবা কোনোবা বিশেষজনৰ ভালপোৱা মানুহৰ  বাবে আশীৰ্বাদ হৈ আহে।

   মোৰ জীৱনলৈ তুমি আহিছিলা মোৰ জীৱন হৈ।অতদিনে মই জীয়াই আছিলো যদিও মোৰ জীৱনলৈ তুমি অহাৰ পিছতহে মই জীৱনৰ প্ৰকৃত আনন্দৰ স'তে চিনাকি হৈছিলো।তুমি মোৰ জীৱনলৈ অহা বাবেই চৰাইবোৰে গান গাইছিল, ফুলবোৰে সৌন্দৰ্য্য সিঁচিছিল,মেঘবোৰ কঁহুৱা ফুল হৈছিল, আকাশৰ নীলা বোৰ নামি আহিছিল পৃথিৱীলৈ, বাটৰুৱাসকল আপোন মানুহ হৈ পৰিছিল ,বাট-পথবোৰত গোলাপৰ পাপৰি সিঁচৰতি হৈ পৰিছিল, মোৰ কোঠাত ফুলিছিল ৰজনীগন্ধা, ৰজনীগন্ধাৰ মিঠা সুবাসত আপোনপাহৰা মোৰ হাঁহিবোৰ কোঠাৰ চৌপাশে বিয়পি পৰিছিল...

   তোমাৰ ভালপোৱাবোৰ বুকুত সাৱতি মই সাহসী হৈছিলো।তোমাৰ ভালপোৱাই মোক মানুহক ভালপাবলৈ উৎসাহিত কৰিছিল।মানুহক ক্ষমা কৰিবলৈ শিকাইছিল মোক তোমাৰ ভালপোৱাই।মোৰ ভিতৰখনত বাজি থাকে প্ৰতি ক্ষণ কেৱল তোমাৰ ভালপোৱাৰ মধুৰ সুৰ।মোৰ বুকুখনত ভিৰ কৰি থাকে তোমাৰ চেনেহবোৰ।ইমান ভালপোৱা, ইমান মৰম, ইমান চেনেহ, ইমান আন্তৰিকতা তুমিয়েইতো দিলা মোক।মোৰ হিয়াত মাথো তোমাৰেই অনুৰণন। তোমাক ভালপাও বাবেই নিজৰ স'তেও মোৰ ইমান ভালপোৱা। তোমাক ভালপাও বাবেই পৃথিৱীৰ স'তে মোৰ ভালপোৱা ..

Comments