মোৰ প্ৰেমৰ পৃথিৱী,তুমি দিয়া উপহাৰ

   মোৰ প্ৰেমৰ পৃথিৱী তুমি মোক দিয়া  মোৰ জীৱনৰ অমূল্য উপহাৰ ।এই যে নিশাৰ নিৰ্জনতাত বহি তোমাক অনুভৱ কৰিছো,তোমাৰ প্ৰতিটো কথা,তোমাৰ আন্তৰিকতা আৰু মৰমৰ মাজত মই নিজক হেৰুৱাই পেলাইছো, সকলোতো তোমাৰেই দান ।তোমাৰ মাজত ডুবি থাকি মই জীৱনটোক জীয়াই ৰাখিছো।তুমি মোক জীয়াই থাকিবলৈ দিছা।আৰু যে কিমান বিচাৰো তোমাৰ পৰা! তোমালৈ থকা মোৰ মৰমবোৰ বুকু উপচি থাকে।এই যেন তোমাক পালেই বুকুত সাৱতি ল'ম,চুমাৰে ওপচাই পেলাম তোমাক। তুমি খাই ভালপোৱা কিবা এটা নিজ হাতেই ৰান্ধিম।চুলিবোৰত হাত বুলাম। তোমাৰ হাতত-ভৰিত মোৰ মৰমৰ পৰশবোৰ ছটিয়াই থাকিম।

   তুমি তুমি ভাৱনাত  মই ডুব গৈ থাকো।তোমাৰ মৰমবোৰে আৱৰি থাকে মোৰ আকাশ-বতাহ ।তুমি কাষত নাই,তথাপি তোমাক বাদ দি এটা উশাহো মই সলাব নোৱাৰো।সপোনত তোমাক দেখো ,দিঠকত তোমাক বিচাৰি থাকো। তুমি তুমি সুগন্ধিত মোৰ দুচকু মুদ খাই আহে।সপোন নে দিঠক মোৰ মনত নাথাকে।

   তোমাক লৈয়ে আৰম্ভ হয় মোৰ পুৱা ।তোমাৰ স'তেই উদযাপন কৰো মই নিবিড় সন্ধিয়া ।তোমাক নোপোৱাৰ অভিমানত তিতি থাকে মোৰ বিচনাৰ গাৰু। তোমাক
মই কেনেকৈ পাহৰো!মোৰ জীৱন, মোৰ পৃথিৱী তোমাতেই আৰম্ভ ,তোমাতেই সামৰো ।

   তুমি আঁতৰি যাব খোজা। মই তোমাক যাবলৈ দিব নোৱাৰো ।জীৱনৰ সিপাৰে কি আছে মই নাজানো।এই জীৱন মোৰ তুমিয়েই দিয়া,তুমিয়েই গঢ়া।তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰো।অ' মোৰ সোণ!তোমাৰ  অকমান মৰম মোক দিয়া। জীয়াই থাকো মই। জীয়াই থাকিবলৈ দিয়া ।অধিক বিচাৰি মই তোমাক আমনি নকৰো আৰু।

   মোৰ জীয়াই থকাৰ আকাংক্ষা, জীৱন আৰু পৃথিৱীক ভালপোৱাৰ বাসনা তোমাৰ প্ৰেমৰ উপহাৰ।তুমি মোক দিয়া উপহাৰ ওভতাই লৈ মোক মৃত্যুৰ নৈত  উটি যাবলৈ দিবা জানো!!

 
   

Comments