অনুভৱৰ পৃথিৱীত প্ৰথম খোজ

   অনুভৱৰ পৃথিৱীখনত এয়া মোৰ প্ৰথম খোজ।মানুহ হিচাপে জন্ম লাভ কৰি এই পৃথিৱীখনৰ এটা অংশ হ'বলৈ পাই প্ৰকৃতিৰ ওচৰত কৃতজ্ঞ হৈছো।এই পৃথিৱী,এই প্ৰকৃতি ইমান বিশাল!মই তাৰ এক নগণ্য অংশ।পৃথিৱীখনক  দিব পৰাকৈ মোৰ যে একোৱেই নাই !মাথো অনুভৱ কৰো পৃথিৱীৰ প্ৰতি,মানুহৰ প্ৰতি এসাগৰ ভালপোৱা ।মানুহৰ প্ৰতি থকা ভালপোৱাৰ বাবেই মোৰ '' অনুভৱৰ পৃথিৱীত ''থৈ যাব খুজিছো এটি খোজ।লিখিব খুজিছো মানুহে মানুহক ভালপোৱাৰ কথা,মানুহে পৃথিৱীক ভালপোৱাৰ কথা ।

   জীৱন বৰ সীমিত। জীৱনৰ পৰা মৃত্যুলৈকে জীৱন এক পৰিক্ৰমা।এই পৰিক্ৰমা সুন্দৰতাৰে সজাই তুলিব পৰাতেই জীৱনৰ সাৰ্থকতা।জীৱন সুন্দৰতাৰেই আকৰ।এটি দুটিকৈ সুন্দৰৰ মুকতাবোৰ বুটলি জীৱন ভৰাই ৰখাতেই জীৱনৰ প্ৰকৃত আনন্দ ।

    '' অনুভৱৰ পৃথিৱীত ''আপোনালোকৰ স'তে মোৰ অনুভৱবোৰ ভগাই ল'ব খুজিছো । আপোনালোকক লগ পোৱাৰ তাগিদাতে অনুভৱৰ পৃথিৱীত আজি মোৰ প্ৰথম খোজ। মানুহক ভালপাও বাবেই নিজৰ স'তেও মোৰ ভালপোৱা।  আশাকৰো ভালপোৱাবোৰ আকাশে-বতাহে সিঁচৰতি হৈ পৰিব।

 

Comments