প্ৰেমৰ পৃথিৱীত তুমি আৰু মই

   এখন প্ৰেমৰ পৃথিৱী।তোমাৰ মোৰ একান্ত।আচলতে তুমি মোৰ হোৱাৰ,মই তোমাৰ হোৱাৰ কথা নাছিল কোনোদিন।কিয় জানো লগ পাই গ'লো হঠাতে তোমাক! তোমাক বাদ দি আৰু জীৱনৰ কথা মই ভাবিবই নোৱাৰিলো।তুমি ইমান আপোন মোৰ! কিমান যে ভালপাও তোমাক, সেই অনুভৱ প্ৰকাশ কৰিবলৈ শব্দৰ শক্তি নাই। ইমান ভালপোৱা মোৰ বুকুত লুকাই আছিল জনাতো নাছিলো।এতিয়া তোমাক নোপোৱাৰ প্ৰতিটো সন্ধিয়াত মোৰ দুচুকত লাগি থাকে চকুলোৰ মুকুতা।তোমাৰ অকমান মৰমৰ বাবে মই বাউলী হৈ থাকো।জীয়াই থাকিবলৈ কাৰোবাৰ মৰমৰ ইমান প্ৰয়োজন বুলি আগতে কল্পনাও কৰিব পৰা নাছিলো।

   এদিন তুমি কৈছিলা মোৰ স'তেই আৰম্ভ হৈছিল তোমাৰ আগদিনাৰ পুৱাটো।মই যে পাগলী হৈ গৈছিলো।ইতিমধ্যে তোমাৰ প্ৰেমত ডুবি ডুবি মই জুৰুলি-জুপুলি হৈ আছিলো।তাৰ পিছত তুমি মোক বুজায়ে থাকিলা যে তোমাৰ-মোৰ ভালপোৱা দিঠক হোৱাটো সহজ নহ'ব।আৰু মই তোমাৰ প্ৰেমত মতলীয়া হৈ থাকিলো প্ৰতিবাৰেই আগতকৈ বহুত বেছি। তোমাক মই পাহৰিব নোৱাৰো।তোমাক মই এৰিব নোৱাৰো।নোৱাৰো তোমাক এৰি থাকিব। সদায় অপেক্ষা কৰি থাকো তোমাৰ বাবে।বহুত ভালপাও তোমাক। ইমান ভালপোৱা এৰি মোৰ পৰা তুমি দূৰত থাকিব পাৰিবা? কোৱা পাৰিবা? 

Comments