উভতি নহাৰ কবিতা
বেলি লহিয়ালে
সকলো পখী ঘৰলৈ উভতিল
গোহালিলৈ ঘৰমুৱা হৈছে পথাৰৰ গৰুবোৰ
গাইবোৰে দামুৰিবোৰ আগত লৈ উভতিছে
জানোচা কিবা আপদ হয়!
মাঘৰ পথাৰ
চৌপাশ মুকলি
সৰিয়হৰ হালধীয়াত মুখৰিত আকাশ,
মুকলি আকাশ
পাতল নীলাত ডুবি আছে পৃথিৱী,
ঘৰবোৰত হাঁহিৰ থুনপাক
বাটে_ঘাটে কেৱল উৎসৱ,
ইম্মান সৌন্দৰ্য্য এই ঋতুৰ!
মোৰহে মনটোত চপৰা_চপৰে ওন্দোলা মেঘ
অভিমান বুলি ভুল নকৰিবা
এয়া তুমি উভতি নহাৰ দুখ.....
Comments
Post a Comment