মাটিৰ খেলা এৰি কেতিয়া হাতত লৈছিলো ফলি_পুথি মনত নাই

মাৰ আঁচল এৰি কোনদিনা স্কুললৈ গৈছিলো মনত নাই

প্ৰথম কোনদিনা শিক্ষকৰ চেকনিৰ কোব খাইছিলো মনত নাই

শৈশৱত মিছা কথা কৈছিলো নেকি মা_দেউতাক মনত নাই

কাৰ বাবে হৈছিল কৈশোৰৰ প্ৰথম অনুৰাগ মনত নাই

কাৰ প্ৰেমত বা পৰিছিলো প্ৰথম যৌৱনত তাকো মনত নাই

কেতিয়াবা কাৰোবাৰ স'তে কৰিছিলো নেকি নিষিদ্ধ প্ৰেম একো মনত নাই


আৰু বহুত কথাই মনত নাই

সংগ্ৰাম আৰু সংঘাতৰ দিনবোৰ

অথবা দৰিদ্ৰতা আৰু ভোকৰ দিনবোৰ

শূন্যতাত সপোন দেখা সময়বোৰ.....


মনত নথকাই সুখ

পাহৰি থকাতেই সুখ

পাহৰি পাহৰি সুখী হৈ থকাতেই সুখ

তোকহে পাহৰিব নোৱাৰো বাপুকণ

পাহৰিব নোৱাৰি তোক.....

Comments