১.
যোৱা নিশালৈ মোৰ বুকুত
গদ্ গদ্ কৈ বহি আছিল
এজোপা বৰগছ
তাৰ সমস্ত শিপাই আলফুলে আৱৰি আছিল
মোৰ জীৱন
নিৰ্ভয়,নিৰাপদ, প্ৰশান্তি
এজাক আৱতৰীয়া ধুমুহাই তাক
তচ্ নচ্ কৰি থৈ গ'ল
উদং হৈ পৰি ৰ'ল
বুকুৰ পথাৰ...
২.
এই মাটি_পানী_পোহৰৰ পৰাই আমাৰ উদ্ভৱ
ইয়াতেই সমাপ্তি
ইয়াৰ বাহিৰে যাম ক'লৈ!
বৰগছজোপাই প্ৰায়ে শুনাই কাষৰ জোপোহাক,
হেৰোৱা কি বা পোৱাইনো কি বুলি
জোপোহাজোপাইও সলাগি থয়,
গজি উঠা আৰু মৰি যোৱাই গছৰ জীৱন
ফুলি সৌন্দৰ্য্য বিলাই মৰহি যোৱাই ফুলৰ জীৱন,
বৈ যোৱাই নদীৰ জীৱন,
উদং পথাৰতো সেউজীয়া গজে
প্ৰকৃতিৰ নিয়ম,
নিয়মৰ বাহিৰত তুমি_মই...?
বৰগছজোপাৰ যে হাঁহিয়ে নৰখে ভাই...!
Comments
Post a Comment