সব পাখি ঘৰে আসে.....


   সকলো চৰাই ঘৰলৈ ওভতে...🐦মাথো শূন্য হৈ ৰয় এটি পজাঁ...🏠

সন্ধিয়াবোৰত কাঁইটৰ আঁচোৰে থকা_সৰকা কৰে মোক... কেনেকৈ সহিব পাৰি এই ৰক্তাক্ত সময় মই নাজানো... কেনেকৈ নিচুকাব পাৰি এই ৰক্তাক্ত হৃদয় মই নাজানো...😢

আৰু বহু কথাই মই নাজানো...তোমাৰ সʼতে সেয়া মোৰ অকমানি পৃথিৱী!ময়েই ৰজা,ময়েই ৰাণী... আৰু হেঁপাহ পলুৱাব পৰাকৈ সুখী,সুখী...

বাহিৰৰ পৃথিৱীখনত বহু বেছি জটিলতা, সেয়া তোমাৰ_মোৰ পৃথিৱী য'ত শেষ হয় সকলো কঠিনতা...

আৰু এতিয়া...

ক'ত সমাধি দিম মই দিনটোৰ ভাল নলগাবোৰ!

উচুপিবলৈও দেখোন ঠাই নাই!

আকাশ...

হয়, হয় আকাশ!☁️🌩️

আকাশৰ বুকুতেই আশ্ৰয়!

আৰু তুমিওতো তাতেই থাকা!💗

Comments