কিয়,কিয়??


নীলা টি-ছাৰ্টটো খুলি থোৱা,

বিশ্বকৰ্মা পূজাৰ দিন আজি

বগা চাৰ্ট এটাকে পিন্ধি লোৱা,

ময়ো বগা টি-ছাৰ্ট এটা পিন্ধি লৈছো

তোমাৰ স'তে একে ৰং পিন্ধাৰ,একে ৰঙেৰে ৰঙীন হোৱাৰ হেঁপাহ তাহানিৰে

হেঁপাহবোৰৰ যে অন্ত নহয় কাহানিও,

মই জানো, তুমি মোৰ অনুৰোধ ৰাখিবলৈ ভাল পোৱা,

কিন্তু নীলা টি-ছাৰ্টটোৰ লগতে সুন্দৰ শৰীৰটোও খুলি পেলালা কিয়!!

Comments