আশীৰ্বাদৰ হাজাৰখন হাতে মোৰ মূৰৰ ওপৰত
পিৰামিড এটি সাজিছে,
দেখিছা ন তুমি!
আৰু তুমি কোৱা তুমি সাধাৰণ মানুহ!
তুমি অনন্য বাবেই মই উপহাৰ পাইছো
হাজাৰখন হৃদয়ৰ সেউজীয়া পাহাৰ,
তুমি জানো নাজানা
তুমিয়েই যে 'মই' নামৰ জীৱন খনিকৰ!!
Comments
Post a Comment