"ঢৌৱে ধুই জানো মচি নিব পাৰে শিলৰ ৰেখা যুগমীয়া"


     কোনেও মৰম নকৰে বুলি ইমান অভিমান কৰি আছিলো সন্ধিয়াটো...আকাশলৈ চাওতেই তিৰেবিৰাই আছিল এটি তৰা...তাৰ পিছতেই মোৰ চুলিত বিয়পি পৰিল তোমাৰ সুগন্ধিৰ সুবাস নে মোৰ চুলিৰ সুগন্ধিত সুবাসত তোমাৰ উশাহ!...ক'ব নোৱাৰো...সদায়ে তুমি কোৱাৰ দৰে এজাক বতাহে আজিও কৈ গ'ল..."তোমাক মৰম নকৰাকৈ কোনেও থাকিব নোৱাৰে"... আব্দাৰবোৰ মোৰ কোনেও পূৰণ নকৰে আজিকালি... বুলি ক'ব ধৰোতেই হেবাঙ হাঁহিটোৰে হিন্দী চিনেমাৰ ষ্টাইলত সদায়ে তুমি কোৱা কথাষাৰ আজিও শুনিলো..."মে হু না"


     সন্ধিয়া লাগি ভগাৰ লগে লগে অভিমানবোৰো ভাগিল... "তোমাৰ মৰম যুগমীয়া শিলৰ ৰেখা...সময়ৰ ঢৌৱে মচিব নোৱাৰা"...ভালে থাকা... বহুত বহুত মৰম তোমালৈ...💗

Comments