💞
কিমান দিন হ'ল তোমাক নেদেখা
তোমাক চুই নোচোৱা
তোমাৰ কোলাত ভৰি নোথোৱা,
কিমান দিন হ'ল তোমাৰ বুকুত মূৰ নোথোৱা
মুখ ওন্দোলাই অভিমান নকৰা
হকে_বিহকে তোমাৰ ডিঙিত ওলমি নথকা
তোমাৰ মিছা খং নেদেখা;
আজিকালি দুপৰীয়া লাষ্টগেট পাওতেই তোমাৰ ফোন নাহে
ঘৰলৈ আহি খাবলৈও মোৰ পছন্দৰ তুমি ৰন্ধা ভাতসাজ নাথাকে
আবেলি খোজ কাঢ়িবলৈ কোনেও আজাকালি জোৰ নকৰে
কলেজত কোনোবাই মোক টান কথা কৈছে নেকি কোনেও নোসোধে
শুই থাকিলে মহে খাব বুলি কোনেও সন্ধিয়াতে আঠুৱা তৰি নিদিয়ে
পঢ়ি থাকিলে ৰঙা চাহ একাপ কোনেও আৰু টেবুলত থৈ নাযায় আজিকালি,
কোনেও আৰু জোৰকৈ ফুৰিবলৈ নিনিয়ে
চাবলৈ নিনিয়ে সেউজীয়া পাহাৰ অথবা বৈ যোৱা পানী;
এনেকুৱা আৰু অনেক কথাই আজিকালি মোৰ জীৱনত নঘটে
এনেকৈ মই থাকিব নোৱাৰো জানা,
মই তোমাৰ সʼতেই থাকিবলৈ ভাল পাও
তোমাৰ সʼতেই থাকিম
নাজানো, তালৈ বা আৰু কিমান দিন!!
Comments
Post a Comment