#behind_the_camera


___ তুমি যে সেউজীয়া প্ৰকৃতিৰ মাজত সুন্দৰ সুন্দৰ ফটোবোৰ উঠি ফেচবুক, ইনষ্টাগ্ৰামত আপলোড কৰা কোনে তুলি দিয়ে?লগৰবোৰে কেতিয়াবা সোধে। সেইদিনা সহকৰ্মী মিনাক্ষীবায়ো সুধিছিল,কোনে উঠাই দিছে ৰীতা ইম্মান ধুনীয়া হৈছে ফটোবোৰ!❣️❣️

মই হাঁহি হাঁহি ক'লো, আছে এজন‌ কেমেৰামেন।😀😀

আচলতে জানা মিনাক্ষী বা,সেই কেমেৰামেনজনেই  মোক এখন বহল পৃথিৱীৰ স'তে চিনাকি কৰি দিলে। মা-দেউতাই মোক পৃথিৱীৰ পোহৰ দেখুওৱালে আৰু তেওঁ মোৰ জীৱনটোকেই এক পোহৰৰ বাট হিচাপে গঢ়ি তুলিলে।মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই এই কেমেৰামেনজনৰ লগত নিবিড়ভাৱে গঁঠা।

হাঁহি_কান্দোন_মৰম_অভিমানৰ এৰাব নোৱাৰা এনাজৰী। মোৰ প্ৰতিটো দুৰ্বল মুহূৰ্তৰ সাহস।মোৰ ডুবিব খোজা প্ৰতিটো মুহূৰ্তৰ গুৰিবঠা ধৰোতা নিপুণ নাৱৰীয়া।🚣‍♂️🚣‍♂️


তেওঁ প্ৰেমিক,বয়ফ্ৰেণ্ড নে হাজবেণ্ড কি আছিল কেতিয়াবাই পাহৰিলো।সুখৰ_দুখৰ সকলো সময়তেই মোৰ ওচৰত থিয় হৈ গাৰ ছাঁ ৰ দৰে লাগি  থকা এজন বিশ্বস্ত বন্ধুৰ ৰূপতহে মই তেওঁক জানো। জীৱনৰ বহু তিক্ততাৰ মুহূৰ্তবোৰত তেওঁৰ বুকুৰ মাজত সোমাই এবাৰ মাথো উশাহ সলাইছিলো,কৰ্পূৰৰ দৰে সকলো বেয়ালগা মুহূৰ্তৰ ভিতৰতে নি:শেষ হৈ যায়।কি বা যাদু লুকাই থাকে তেওঁৰ স্পৰ্শত!💞💞


তেওঁ প্ৰায়ে গায়__"কভী কভী মেৰে দিল মে খায়াল আতা হে ,য়ে জ্যো তুজকো বনায়া গেয়া হে মেৰেলিয়ে" কি যে অনাবিল  মৰমত মই ডুবি থাকো! বেছি মৰম লাগিলে তেওঁ মোক "ফেচী"বুলি মাতে, নাকটো মোৰ ফেচা যে সেইকাৰণে।😀😀 তাতকৈও বেছি মৰম লাগিলে ফেচীৰ পৰা "ফুচুমুনু" হয়। মইও কেতিয়াবা তেলাবলৈ‌ মন গ'লে "ফুচু এইটো কৰি দিয়ানা"বুলি আব্দাৰ কৰো। তেওঁ কয়,"তুমি ফুচু বুলি মাতিলে মই গলি যাও জানা"।সৰু সৰু কথাবোৰতে ভীষণ সুখী আৰু হাঁহিৰ সঁফুৰা তেওঁ। লক্ষ্মীনাথ বেজবৰুৱাই তেওঁক লগ পোৱা হ'লে অসমীয়া মানুহে হাঁহিব নাজানে বুলি হয়তো নকলেহেঁতেন।😁😁


বিশ বছৰীয়া আমাৰ বন্ধুত্বৰ বান্ধোন।এই বান্ধোনে আমাক বন্দী কৰি ৰখা নাছিল।আমাক শিকাইছিল একেলগে আকাশ চাবলৈ, ৰামধেনু চাবলৈ আৰু প্ৰকৃতি আৰু সেউজীয়াৰ মাজত পিট্ পিটাই বিচৰণ কৰি ফুৰিবলৈ।এই বান্ধোনেই শিকাইছিল আকাশৰ দৰে মন‌ এটা গঢ় দিবলৈ, মুক্ত বিহংগ হৈ ডেউকা কোবাই উৰিবলৈ....ওপৰলৈ আৰু ওপৰলৈ...🕊️🕊️


"অনুভূতিবোৰ লুকুৱাই থ'বলৈ জীৱনটো বৰ চুটি" মই প্ৰায়ে কৈছিলো। তেওঁ ভাল পায়, সন্মান কৰে মোৰ মুকলি মনটোক। কেতিয়াবা সোধো, তোমাৰ এনেকুৱা কিবা কথা আছেনে যি মোক ক'ব নোৱাৰা! তেওঁ হাঁহে,কয়__আছে ,নকও তোমাক।😂 আৰু কেতিয়াবা শৈশৱৰ কিছুমান দুষ্টামিৰ কথা ক'বলৈ ধৰে।__ "কেতিয়াবা কেতিয়াবা কিয় জানো কাৰোবাক ভীষণ ভাল লাগি যায়", মই তেওঁক কও। __কাৰোবাৰ গীত শুনি, কাৰোবাৰ ছবি চাই, কাৰোবাৰ কবিতা শুনি, কাৰোবাক এনেয়ে কেতিয়াবা ভাল লগাটো একো ডাঙৰ কথা নহয়।আনে যেনিবা নকয়, তুমি কোৱা, পাৰ্থক্য সেইটোৱেই। __ অনুভূতিতকৈ স্বৰ্গীয় এই পৃথিৱীত একো নাই ন। ৰবীন্দ্ৰনাথৰ জীৱনীত পঢ়া কথাষাৰ মই কও।__সঁচাকৈয়ে। তেওঁ দোহাৰে।সেই কলেজত পঢ়া দিনৰে পৰা ৰাতি তেওঁ আহি পালে দিনটোৰ বৰ্ণনা দিয়াটো মোৰ দৈনন্দিন জীৱনৰ কাৰ্যসূচীৰ ভিতৰুৱা। ইম্মান কথা পাতো তেওঁৰ স'তে! কেতিয়াবা সোধো,আমনি নালাগে? কেতিয়াবা মোৰ খং উঠাবলৈকে কাণত সোপা দিয়ে। মই অভিমান কৰিলে ওচৰলৈ আহি কয়,কোৱানা। আচলতে মই তোমাৰ কথা শুনিবলৈ বহুত বেছি ভাল পাও। মই কও, ইউ আৰ মাই বেষ্ট ষ্টুডেণ্ট।


মোৰ ইউনিভাৰ্ছিটিৰ বন্ধুহঁতে মোৰ ইমান খোলাখুলিকৈ কোৱা স্বভাৱটোৰ কথা জানে। কেনেবাকৈ মোৰ গৱেষণাৰ গুৰু ডেকা ছাৰৰ কাণতো পৰিল যে ভাল_বেয়া সকলো কথা মই নি:সংকোচে তেওঁৰ লগত পাতো।ছাৰে এদিন মোক বুজালে__"ৰীতা তোমাৰ যদি বেছিকৈ ক'ব লগীয়া কথা আছে, তেতিয়াহ'লে কলম ধৰা।কাৰণ, এই পৃথিৱীত সত্যক স্বীকাৰ কৰিব পৰাকৈ বেছিভাগ মানুহেই সাহসী নহয়।" কিন্তু যোৱা দুই দশক তেওঁৰ লগত কটাই মই অভিভূত।মান_অভিমানবোৰো যে ইম্মান সুন্দৰ হ'ব পাৰে তেওঁ তাক প্ৰমাণ কৰিলে! তেওঁৰ দোকানত বহি বহি কথা পাতি থাকোতেই কিবা কথাত দুয়োৰে কাজিয়া লাগি‌ যায়।__তোমাৰ লগত কোন‌ বহে বুলি উচাৎ মাৰি মই ঘৰলৈ গুছি আহো।মোৰ পিছে পিছে দুপেকেট মেগি লৈ‌ তেওঁ হাজিৰ।__দোকান বন্ধ‌কৰি আহিলা কিয়?__কেৱল হাঁহি আৰু হাঁহি।আৰু একো নাই। নিজেই মেগি বনাই লৈ আহে।মেগি খুব ভাল পাইছিলো মানে এতিয়াও পাও।😅😅

দুটা দশকত দুয়ো_দুয়োৰে বাহিৰ_ভিতৰৰ সকলো‌ কথাই জানিলো। মুকলি মন এটাৰে জীৱনৰ ভাল_বেয়া সকলোকে তেওঁ গ্ৰহণ কৰিব পাৰে।মোৰ বাবে তেওঁ সাধাৰণ হৈও অসাধাৰণ। মেট্ৰিক পাছ কৰি কলেজত পঢ়াই মোৰ সপোন আছিল, তেওঁ মোৰ সপোনৰ পাখি দুখনিত একুৰা জুই গুজি দিলে। তেওঁৰ সপোন মোৰ কামৰ বাবে এদিন পৃথিৱীৰ মানুহে মোক জানক।


জানে মিনাক্ষীবা, এই কেমেৰামেনজনৰ স'তে মোৰ বিশ বছৰীয়া বন্ধুত্ব।বিশ দিন কৈ থাকিলেও ওৰ নপৰিব তেওঁৰ কথা।কথাই কথাই তেওঁৰ হাঁহি_ধেমালী। সেইদিনা "পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা,পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা" গাই আছিল , __মই বোলো,কিনো অপূৰ্ণ আশা‌ থাকিল আকৌ!! আৰু পিছৰ জনমলৈ গেৰেণ্টী দিব নোৱাৰো দেই।এই জনম কিন্তু কেৱল তোমাৰ। তেওঁ সোধে, __মই বৰ আনৰোমাণ্টিক ন! __মই বোলো তাকে জানিবলৈ ইমান বছৰ লাগিল!🤣ধেমালিকৈ মই কও! তেওঁ মিছা অভিমান কৰে। 


ইম্মান হাঁহি_ধেমালী_মৰম এৰিব পাৰে জানো কোনোবাই! মই জানো,কাৰো মন নাযায় এৰিবলৈ। তোমাৰো মন নাছিল। পিছদিনা পুৱা একেলগে খোজ কাঢ়িব খুজিছিলো। মই পুৱা সোনকালে নুঠো বাবে কিবা বেয়া পালা নেকি! নাই চাগে ন।তুমিতো কোৱা এইটো তোমাৰ কল্পনাৰ জীৱন।কিনো আছে মোত!কিয় ইম্মান ভাল পোৱা!!


স্বৰ্গত মোতকৈও মৰম কৰা কাৰোবাক পালা নেকি তুমি!!

চিন্তা নাই দিয়া তুমি ইম্মান ধুনীয়া আৰু ইম্মান ভাল যে অপেশ্বৰী গাৰ্লফ্ৰেণ্ড এজনী পাবলৈ একো দিগদাৰ নহ'ব।লকডাউনত প্ৰতিদিনে দেৰ ঘণ্টাকৈ খোজকাঢ়ি ষোল্ল বছৰীয়া যেন হ'লা।কষ্টবোৰ এনেয়ে যাবলৈ‌ দিবানে😂😅! মই যোৱালৈকে যি কৰা কৰা আৰু!! তুমি যে কোৱা__তোমাৰ নিচিনা বাঘিনী এজনী থাকোঁতে কোনেনো সাহ কৰিব মোৰ ফালে চকু দিব'লৈ! __এতিয়া মই নাই ন তাত!"যাও চিমৰণ যাও,জী লে অপনা জিন্দেগী"😂🤣


মিনাক্ষীবা, কেমেৰামেনজন মোৰ বৰ আদৰৰ।সকলোৰে অগোচৰে বুকুৰ নিভৃতত সাঁচি ৰাখো তেওঁক।মোৰ ধুনীয়া ধুনীয়া ফটোবোৰৰ কৃতিত্ব যিদৰে তেওঁৰ, মানুহ হিচাপে আজি মোৰ যদি কিবা কৃতিত্ব আছে,সেয়াও তেওঁৰেই। তেওঁক বাদ দি মোৰ কোনো ‌অস্তিত্ব নাই। তেওঁলৈ মোৰ কৃতজ্ঞতাৰ ভাষা নাই!


 লাভ ইউ কেমেৰামেন। মোৰ বুকুত যিমান মৰম আছে কেৱল তোমাৰ বাবেই। কেৱল তোমাৰ বাবে।💖❣️💕💞❤️


(Thanks a lot DR. ANKUR HAZARIKA for motivating me to write and to live)

Comments