#आपकी_तारीफ_में_क्या_कहें 

#आप_हमारी_जान_बन_गए


   ইম্মান কিয় বিচাৰা মোক তুমি! তুমি যে কৈ থাকা, "তুমি মোৰ লগত আছা, মোৰ আৰু এই পৃথিৱীত পাবলৈ একো বাকী নাই... কেৱল মোক তোমাৰ লগত থাকিবলৈ দিয়া..."। এয়া ভালপোৱা,প্ৰেম, বন্ধুত্ব নে কি ক'ব নোৱাৰো মই।কথাই কথাই প্ৰশংসা যেন মোতকৈ ভাল আৰু সৌন্দৰ্য্যময় এই পৃথিৱীত একোৱেই নাই। "তোমাক মই ভগৱানৰ পৰা খুজি পেলাই পাইছো" সুবিধা পালেই যে তুমি কৈ থাকা।আচলতে তোমাৰ মোক কিমান প্ৰয়োজন তাকেই দোহাৰি থাকা।কিয়!! জানো,মৰম কৰা , ভাল পোৱা, কিন্তু সকলো সময়তে লগত থকাৰ পিছতো এনেকৈ যে ৰচি এডাল লগাই তোমাৰ পিনে টানি থকাৰ নিচিনাকৈ টানি থাকা, এইবোৰ কি কথা আকৌ!🥰


  " ফটা আচলত সোণ বান্ধি ৰাখিছো,ভয় হয় জানোচা হেৰাই যায়"।মোৰ মৰমবোৰেৰে তোমাক আশ্বস্ত কৰিছিলো,ভয়বোৰ তোমাৰ নোহোৱা হৈছিল। তেনেকুৱা ভয় এটাই মোকো কেতিয়াবা বিচলিত কৰিব খুজিছিল। তোমাক পাই মই ইমান সুখী আছিলো যে মাজে মাজে তোমাক কেৱল মোৰ বুলি ক'বলৈ ভয় হৈছিল জানোচা ভগৱানে বেয়া পায়! তোমাক বুকুত সাৱতি মনে মনে ভগৱানক কৈছিলো__"ভগৱান, তোমাৰেই সন্তান,ভালে ৰাখিবা।"👏


তোমাক মোৰ ইমান মৰম লাগি থাকে যে স্কুটিৰে গৈ থাকোতেও তোমাৰ পিঠিত গালখন লগাই লাহেকৈ চুমা খাও।গম পোৱা ন তুমি! আৰু কেতিয়াবা, কাজিয়া লগাৰ দিনা, তোমাক জোৰেৰে সাৱতি তোমাৰ পিঠিখনত লিপিট খাই গৈছিলো। তোমাৰ খংবোৰ হাঁহি হ'বলৈ বেছি পৰতো লগা নাছিল! নহ'লে পেটত হেচুকি কৈছিলো তোমাক যে কিমান পেটুৱা হৈছা আৰু কমাবলৈ কিমান খোজ কাঢ়িব লাগিব।মোৰ ফটুৱা কথাবোৰ শুনি তুমি কিমান সুখী হৈছিলা মই ঠিকেই অনুভৱ কৰিব পাৰিছিলো...💕


   দুহাতেৰে ধৰি তোমাৰ ডিঙিত ওলমি ওলমিয়েই সময়বোৰ পাৰ কৰিলো।কি যে সৌন্দৰ্য্য এই সময়ৰ!আৰু তোমাৰ পিঠিখনত মোৰ মূৰটো! যেতিয়াই_তেতিয়াই,হকে_বিহকে তোমাৰ পিঠিত মোৰ মূৰ থও।সেই সময়লৈকে থৈছিলো যেতিয়ালৈকে ভগৱানে তোমাক মোৰ হ'বলৈ দিছিল। তুমি কৈছিলা,__ "কেইবাদিনো খোজ কঢ়া নাই তুমি,স্কুটিৰ পৰা নামি যোৱা আৰু খোজ কাঢ়ি আহা।"__"এই ৰাতিখন নামিবৰ নাই দেই" বুলি মই সদায়ে কৰাৰ দৰে তোমাৰ পিঠিত মূৰটো গুজি থৈছিলো।কি নিৰাপদ!কি নিৰাপদ!!এই স্পৰ্শ...❤️


   মৰমবোৰ,অভিমানবোৰ, পোৱা_নোপোৱাবোৰৰ মাজতেই ইম্মান সৌন্দৰ্য্য জীৱনৰ!!এই সৌন্দৰ্য্য,এই সুন্দৰতা তুমি মোক দিয়া ভালপোৱাৰ_উপহাৰ...💖😘 ... তোমাক প্ৰশংসা কৰিবলৈ মোৰ ভাষা নাই... তুমি মোৰ জীৱন আৰু জীৱন হৈয়ে আছা, যিমান দিন মই আছো...যিমান দিন মোৰ উশাহবোৰ থাকিব...🥰

Lots of L💗ve to you dear💞❤️💖💕😘😘😘L❤️ve you like anything 🥰😘

Comments