এই আঙুলিৰে লিখাৰ কথা আছিল সপোন
আঙুলিয়ে যেতিয়া আখৰবোৰ স্পৰ্শ কৰিবলৈ ধৰিলে
তোমাৰ হাঁহিৰ শব্দবোৰ ভাহি ভাহি আহি থাকিল,
তোমৰ দুখবোৰ,
তোমাৰ যন্ত্ৰণাবোৰ
দোলা দি থাকিল,
তোমাৰ অভিমানবোৰো
অগা_দেৱা কৰি থাকিল,
কেতিয়াবা কেতিয়াবা তোমাক কষ্ট দিয়া কথাটোৱে
কাঁইটে বিন্ধা দি বিন্ধি থাকিল,
দুগাল স্পৰ্শ কৰি ভিজা ভিজা অনুভূতিত তিক্ত হৈ পৰিল আঙুলিবোৰ,
ইয়াৰ আগলৈকে এই অনুভৱ আছিল কেৱল তোমাৰ আঙুলিৰ
মোৰ আঙুলিয়ে মাথো আকাশ চুব খুজিছিল...
Comments
Post a Comment