য'তেই আছা সুখী হোৱা
সুখী হোৱা তুমি,
সমগ্ৰ জীৱন তাকেইতো বিচাৰিছোঁ
প্ৰতিটো পল তাৰেই প্ৰাৰ্থনাৰেই ভগৱানৰ ওচৰত আচল পাতিছোঁ,
কি কি পাৰ্থক্য আছিল তোমাৰ_মোৰ হিচাপেই নকৰিলো ন কোনো দিন,তুমিও_মইও,
অংকত মই কিমান কেঁচা জানাই তুমি!
তুমি কিমাম গাধ হিচাপত মই জানো নাজানো!
বেহিচাপী জীৱন!
বেহিচাপী সুখ!
ইমান ভীৰ, ইমান কোলাহলৰ মাজত
কেৱল তুমিয়েই চিনাকি, তুমিয়েই আপোন
সুখবোৰ , হাঁহিবোৰ সিঁচৰতি হৈ আছে
তোমাৰ দুচকু মোৰ জীৱন দাপোন
কোনোবা এটা বিন্দুত তুমি মই হৈছিলা আৰু মই তুমি
একেখনেই আকাশ আমাৰ, একেখন ৰামধেনু
একেই হৃদয় সেউজীয়া
একেই মন পখিলাবুলীয়া
উভতি যাবা বুলি আগতীয়াকৈ একোৱেই নাজানিলো
ময়ো_তুমিও,
কিন্তু
কি যে উজ্জ্বল তুমি উভতি যোৱাৰ আগমুহূৰ্ত
এয়া আচলতে তুমি নে ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত!!
য'তেই আছা, যেনেকৈয়ে আছা
সুখী হোৱা তুমি
মোৰ বাবে,
তুমি সুখত থকাতকৈ সুন্দৰ আৰু একো নাই,আৰু একো নাই ...
Comments
Post a Comment