জাক জাক সেউজীয়া আৰু
এমোকোৰা কোমল ৰ'দৰ মাজত থিয় হৈ
মই অনুভৱ কৰিছো
কেনে মায়াময় এই পৃথিৱী!
কি অনিন্দ্যসুন্দৰ!
এইহেন আৱেশসনা উত্তাপত
হাজাৰ বছৰ যেন ৰৈ থাকিম...
কিন্তু কোনে জানে
কিমান পল এই জীৱনৰ!
ভাগ্যনিয়ন্তাৰ হাতত সকলো নিৰূপায়...
Comments
Post a Comment