#লাজ


সিহঁতে নিজকে নিজে উপলুঙা কৰিবলৈ লাজ নকৰে

সিহঁতে অমানুহ হ'বলৈ লাজ নকৰে

বৰং কোনে কিমান অমানৱীয় অত্যাচাৰেৰে তোমাৰ আত্মাক আঘাত কৰিব পাৰে তাৰ প্ৰতিযোগিতাত মগ্ন সিঁহত

তুমি সিহঁতক তোমাৰ আত্মাৰ ঘা দেখুৱাব নোৱাৰিবা

সিহঁতে তোমাৰ বাবে ঔষধৰ যোগান নধৰে

বৰং কিমান তীক্ষ্ণ অস্ত্ৰৰে আঘাত কৰিলে শুকনিমুৱা ঘা পুনৰ কেঁচা হৈ উঠিব তাৰ জোখ_মাখ কৰে


সিহঁতে পাহৰি যায় সিঁহতৰ কিনিবলৈ সামৰ্থ থকা হীৰা_মুকুতাৰে যে দেহাটো সাজিব নোৱাৰে

ক্ষমতাৰে যে কিনিব নোৱাৰি আয়ুস তাকো সিঁহতে মনত নাৰাখে


তুমি যিমানেই শুভ চিন্তা নকৰা কিয়, তোমাক নষ্ট মানসিকতাৰ বুলি প্ৰমাণ কৰাটো সিহঁতৰ এটা মুহূৰ্তৰ কাম

তুমি কোনো ভুল কৰাৰ প্ৰয়োজন নাই, তোমাক ভুল বুলি সমাজত দেখুৱালৈ সিহঁতৰ অনেক অনুশীলন


তুমি কান্দা_তুমি হাঁহা, সিহঁত অনুভূতিহীন

তুমি আশা হেৰুৱালেও‌ সিঁহতে তোমাক হেমিংৱেৰ আশাৰ বাণী নুশুনায়,

সিহঁত মানুহ হোৱাতকৈ শ্বেইক্সপীয়েৰৰ নাটকৰ চৰিত্ৰ হ'বলৈ ভাল পায়,

ঘৰিয়ালৰ চকুপানীৰে অনুপ্ৰেৰণাৰ নামত সিহঁতে তোমাক কয়,"দ্য শ্ব' মাষ্ট গ' অন"

তোমাৰ যন্ত্ৰণাবোৰ সিহঁতৰ কফি আড্ডাৰ ৰোচক কাহিনী

তোমাৰ অস্বস্তিবোধ সিহঁতৰ উপভোগৰ অনাবিল উৎস

তোমাক কৰা হাজাৰ অত্যাচাৰেৰেও সিহঁতৰ মন নভৰে

কাৰণ অমানুহ হোৱাটো সিঁহতৰ প্ৰথম পচন্দ

অমানুহ হ'বলৈ সিহঁতে লাজ নকৰে.....

Comments