#যদি_কাহানিবা_সুৰবোৰ_শেষ_হয়...
"যদি কাহানিবা সুৰবোৰ শেষ হয়,হে সুৰকাৰ কিহেৰে সজাবা পৃথিৱীৰ সুৰৰ মেলা"... তুমি প্ৰশ্ন কৰিছিলা...
সুৰবোৰ শেষ হৈছিল সঁচাকৈয়ে...নিৰাশাবোৰে ঢাকি ধৰিছিল মনৰ আকাশ,তৰাবোৰ অনুজ্বল হৈ আহিছিল ক্ৰমশঃ...এন্ধাৰত লেটি লৈ বহুকাল অতীত হ'ল...কেনিও পথৰ সন্ধান নাই...নীড়বিহীন অঘৰী পক্ষীৰ দৰে ভয়াৰ্ত হৈছিল সময়...থাউনী হেৰুৱাই ভৰুণ ব্ৰক্ষ্মপুত্ৰত উটি গৈ আছিল জীৱন... এতিয়াও অতীত হোৱা নাই এই সময়...
তথাপি, তথাপি সুৰবোৰ নহ'লেও মোৰ চৌপাশ বিয়পি আছে তাৰ সুগন্ধি...এই সুগন্ধিৰ পৰাই সূষ্টি কৰিব লাগিব নতুন সুৰ... তুমি যে বিশ্বাস কৰি গʼলা শুকান মৰুভূমিতো মই ফুলাব পাৰো অযুত_অলেখ ফুল...সেই বিশ্বাস মই কেনেকৈ ভাঙিবলৈ দিও... তোমাৰ সুৰবোৰক মই কেনেকৈ নিৰ্বাসন দিও...!!
Comments
Post a Comment