#সেউজীয়া_সময়💚


   সময়বোৰ ইমান সেউজীয়া। তোমাৰ আৰু মোৰ। সোনকালে শুই নুঠা বাবে তোমাৰ মিঠা অভিমানবোৰ।দেৰ ঘণ্টা খোজ কাঢ়ি তুমি ঘৰ পোৱাহি।মোৰ উঠিবলৈয়ে নহয়। দেৰিকৈ উঠি দৌৰা_দৌৰি। কলেজলৈ দেৰি হ'ব, কোনোবাই মোক কিবা ক'ব। তুমি সহিব নোৱাৰা।তাৰ মাজতো নেমূ_মৌ দিয়া কুঁহুমীয় পানী এগিলাচ লৈ মোৰ পিছে পিছে ঘুৰি ফুৰা। কথাবোৰ মই আনক ক'বলৈ লাজ কৰিছিলো যে তুমি মোক মাকে কেঁচুৱাক যতন কৰাৰ দৰে কৰিছিলা। আৰু মই এ.জি. বাছ স্টপেজত নমাই দিবলৈ কোৱাৰ পিছতো গণেশগুৰিলৈ লৈ গৈছিলা। তোমাৰ কামলৈ দেৰি হওক কথা নাই।পাণবজাৰলৈ যাওতে মোৰ যাতে কষ্ট নহয়!!_কেনেকৈ  ইমানকৈ কৰিব পাৰা তুমি,সুধিছিলো মই। _কেঁচুৱা এটাক বিয়া পাতিছো, এইখিনিতো কৰিবই লাগিব!! কেনেকৈ পাৰা তুমি ইম্মানকৈ ভাল পাবলৈ!! মোৰ বৰ কষ্ট হয়‌ জানা, তোমাৰ লগত থাকি থাকি ডাঙৰ হ'বলৈ শিকাই নহ'ল নহয়।


  মোৰ পৃথিৱী আছিল মোৰ "কিতাপবোৰ" আৰু "মই" তোমাৰ পৃথিৱী।সেয়ে অহা জনমত তোমাৰ কিতাপ হ'বলৈ মন।পঢ়ি থাকিলে বা Facebook_Whats App ত কিবা লিখি থাকিলে তোমাৰ কোলাত ভৰি উঠাই থোৱাৰ আৰু তুমি কথা পাতি পাতি ভৰি পিটিক থকা সময়বোৰ সঁচাকৈয়ে ইম্মান সেউজীয়া! তুমি যে Facebook_You tube ত কিবা চোৱতকৈ মোৰ লগত কথা পাতি বেছি ভাল পোৱা।ইমান সুন্দৰ আমাৰ সময়বোৰ। ৰবিবাৰ মানেই আমাৰ উৎসৱ।পিলিংকাটা বজাৰ আৰু তাৰ আশ_পাশৰ সেউজীয়াবোৰ , তুমি আৰু মই।ইমান সেউজীয়া ন সময়বোৰ।


   তোমাৰ আমনি লগাকৈ মই তোমাক মোৰ ফটো উঠাই দিবলৈ কৈছিলো। তোমাৰ বোলে‌‌ আজিকালি আমনিয়ে নালাগে। কিন্তু তুমি টান পোৱা ফটো উঠিবলৈ।ময়োতো তোমাক এনেয়ে‌ নেৰো।জোৰকৈ মাজে মাজে উঠামেই। এইখন ‌যেনেকৈ উঠালো। তুমি নুঠো বুলিলেই মই তোমাক ৰেহাই দিব নোৱাৰো।তুমি যাও বুলি নোকোৱাকৈ গ'লেই মই তোমাক যাবলৈ দিব নোৱাৰো..সেউজীয়া সময়বোৰ মই হেৰুৱাব নোৱাৰো...💕❤️💕

Comments