১.


আকাশখন নীলা বাবেই উমান পোৱা নাযায় শূণ্যতাৰ গভীৰতা

মোৰ বুকু খান্দি গৈ থাকিলেও তই আকাশ এখনেই পাবি...


২.


পাজিসেৰীয়া নাছিল মোৰ আঙূলি

তোৰ চকুযুৰিতহে উজলি আছিল লখিমী লখিমী হাত_ভৰি

প্ৰেমত পৰিবলৈতো আৰু প্ৰয়োজন নহয় গোলাপ ফুল‌ অথবা দেহ পাখি_লাহি...


৩.


যাওঁ বুলি ক'লেই তই কেনেকৈ যাব পাৰিবি

বুকুত লিখা নাথাকে জানো 

সেন্দুৰীয়া সময়ৰ বুৰঞ্জী...

Comments