সেই একেই ৰূপত মই তোমাক নাপাও জানো
কিন্তু তুমি মোৰ স'তেই আছা
তোমাৰ হাঁহি, তোমাৰ মাত, তোমাৰ খং অভিমান
একেদৰেই মই অনুভৱ কৰো প্ৰতি পল_অনুপল
এতিয়াও মই বেসুৰাকৈ গাও, ভুল ভুল কথাৰে বহুগান
তুমি ভুল বুলি ক'লে এতিয়াও কৰো ভীষণ অভিমান
পৃথিৱীয়ে মোক ভুল বুলি কওক, মই ঘুৰিও নাচাও
তুমি কেৱল মোক ভালপোৱাৰ বাহিৰে একো কথাই ক'ব নোৱাৰিবা,
তোমাৰ ভালপোৱা পাই পাই অভিমানবোৰ আকাশ হৈছিল
কেনেকৈ যে অনায়াসে অভিমান ভাঙিছিলা তুমি,
তুমি ৰন্ধা প্ৰতিবিধ ব্যঞ্জন বৰ প্ৰিয় মোৰ
তুমি কৰা চাহৰতো তুলনা নাই
মই হাঁহি ৰখাব নোৱাৰো জানা,
মই শুই নুঠো বাবে তুমি যে পতিপ্ৰাণা পত্নীৰ অভিনয় কৰি মোক মাতা
__হেৰি উঠুকহে,আপ্ নি চাহ নাখাৱাকে মই কেন্ কে খাও!
খোৱাদবিহীন খাদ্যবোৰো কিয় জানো ভালপাও আজিকালি
যোৱা নিশা দাইলত দিয়া অমিতা বৰ তৃপ্তিৰে খাইছিলো
তুমি ভালপোৱা নহয়,সেইবাবেই চাগে
এতিয়া আৰু গাখীৰ খাবলৈ পঢ়া কোঠাৰ পৰা শোৱনি কোঠালৈ গাখীৰৰ গিলাচ লৈ ফুৰিব নালাগে তুমি
বাৰে বাৰে গৰম কাপোৰ পিন্ধিবলৈও ক'ব নালাগে
যত্ন কৰি নিজেই সকলো কৰিছো
অসুখৰ বাবে চিকিৎসা কৰাবলৈও নিজেই আহিছো
তুমি আৰু এতিয়া সকলো সময়তে মোৰ কথা চিন্তা কৰি নাথাকিবাদেই
মই তুমি সুখী হৈ থকাটো বিচাৰিছো, সদায়ে বিচৰাৰ দৰে;
তুমি বহুত সুখী বুলি মোক আকাশে ক'লে
বতাহে ক'লে
ফুলি থকা গোলাপে ক'লে
সেউজীয়া পাতবোৰে ক'লে
অহা_যোৱা বাটটোৱে ক'লে
চিনাকি_অচিনাকি সকলো চৰায়ে ক'লে
ব্ৰহ্মপুত্ৰৰ পানীবোৰে ক'লে
হেঙূলীয়া সূৰুযেও ক'লে;
এতিয়া চিনাকি_অচিনাকি সকলো মানুহেও ক'বলৈ ধৰিছে যে তুমি ভীষণ সুখী মোৰ বাবে
সকলোৱে ইমানকৈ কোৱাৰ পিছত মই বাৰু কেনেকৈ বিশ্বাস নকৰাকৈ থাকো যে
তুমি মোক লৈ সুখী নোহোৱা
আচলতে কি জানা, ময়ো জানো যে তুমি মোক লৈ কিমান সুখী
কেৱল তোমাক জানিবলৈ নিদিও
জানাইতো,অলপ বদমেজাজী মই,অলপ বদমাছ
তুমি মোক ইম্মান ভালপোৱাৰ পিছতো আৰু বেছি ভালপোৱা পাবলৈকে মই এইবোৰ কৰো,
তুমি মোক জানা, নতুনকৈ মোৰ বিষয়ে ক'বলৈ একো বাকী নাই তোমাক
এয়াওতো জানা ন
মোৰ ভিতৰত যিমান ভালপোৱা আছে সকলোখিনি কেৱল তোমাৰ!!
Comments
Post a Comment