দুখৰ চোলাটো খুলি থ'ব খুজিও খুলিব নোৱাৰো

ইমান চেঁচা সুখৰ পৰশ

মই সহিব নোৱাৰো,


মাজে মাজে আজুৰি পেলাবলৈ মন যায় অকটা এই সময়!

মাজে মাজে অভিমান কৰিবলৈ মন যায়

ইমান তিতা কিয় এই হৃদয়!


মাজে মাজে প্ৰশ্ন কৰিবলৈ মন যায় ইমান সোৱাদহীন কিয় হয় প্ৰতিপল!

মাজে মাজে ভাঙি পেলাবলৈ মন যায়

সৃষ্টিৰ সকলো নিয়ম,


মাজে মাজে দুখৰ চোলাটো খুলি দলিয়াই দিবলৈ মন যায়

কিন্তু সুখ মোৰ বাবে বিলাস এতিয়া

সুখ কিনিবলৈ মোৰ যে সামৰ্থ্য নাই!

Comments