তুমি আছা বাবেই সুন্দৰ হৈ আছে মোৰ পৃথিৱী...
সেইদিনা জানা ইমান জোৰে বতাহজাক আহিছিল!আৰু অলপ পিছত শিল বৰষুণ।অতপৰেও বৰষুণজাক নেৰেহে নেৰে।⛈️⛈️ তুমি বৰষুণত তিতিবা বুলি বৰ চিন্তা হয় মোৰ। বৰষুণজাক আহিলেই সেয়ে ফোন কৰো তোমালৈ। তুমি কোৱা তুমি জানাই মোৰ ফোন আহিব। তোমাৰ হাঁহি উঠে।ফোনটো কৰি কিনো এনে হাঁহি উঠিব লগা কাম কৰিলো।😏😏
সেয়া আছিল এইবাৰ বসন্তৰ প্ৰথমজাক বৰষুণ।আমাৰ ফুলবোৰৰ বাবে বৰষুণজাকৰ বৰ প্ৰয়োজন আছিল ন। ফুলবোৰ ফুলিছে।কেইজোপামানৰ চেহেৰা বেয়া হৈছে অলপ।গোলাপবোৰ যোৱাবাৰৰ দৰে নুফুলিল। ৰজনীগন্ধা এইবাৰ বহুত ফুলিছে। চোতালখনত খোজকাঢ়ি থাকিলে ইমান ধুনীয়া গোন্ধাই থাকে।নয়নতৰাৰটো কথাই নাই।বিনা যত্নই ফুলি থাকে অনবৰত।মৰি যাব ধৰা দীঘলীয়া পাতৰ জোপোহা গছজোপা, তুমি যে পানী দি দি জীয়াই তুলিলা, এতিয়া আৰু জোপোহা হৈ পৰিছে। তুমি কিন্তু সেইজোপা জীয়াইহে এৰিলা! 🌲🌳শেৱালিজোপা অৱতৰতো এটা দুটা ফুলি থাকে। তোমাৰ মৰমতে চাগে🥰🥰। তুমি যে পাত এখিলাও চিঙিব নিদিয়া।বিছাবোৰ বগাই ফুৰে ডালত। দেখিলেই মোৰ গা খজুৱায়। তোমাৰনো কি!😏😏ডালবোৰ কাটিবলৈ ক'লেও লাভ নাই। অৱশ্যে নিশাৰ শেৱালিৰ মিঠা গোন্ধক লৈ ময়েই কবিতা লিখো বুলি তুমি বেকাকৈ হাঁহিবলৈ নাপাহৰা।😁😁
নেমূটেঙা গছবোৰত ফুল ধৰিছে,কলি ধৰিছে।ইমান কষ্ট কৰা গছবোৰৰ লগত তুমি!নুফুলি পাৰেনে!আমবোৰ যে ইমান মলিয়াইছে। তুমিতো ডাল এটাও কাটিব নিদিয়া।ইমান লেতেৰা হয় চোতালখন পাতবোৰ পৰি পৰি।আৰু গেটখনৰ ওচৰতে য'ত মই উজ্বল গুলপীয়া ৰঙৰ Bougainvillea এজোপা ৰুম বুলি ভাবি আছিলো, তুমি তাত ৰোৱা জাহাজী কলজোপাত ইমান ডাঙৰ কলথোক ওলাইছে। Happy ন এতিয়া! তুমি কোৱা ফুলতকৈ কলথোকৰ সৌন্দৰ্য্য কিবা কম নেকি!গেটৰ ওচৰত কোনোবাই বাৰু কলগছ
ৰোৱেনে!তোমাৰতো উল্টা_পুল্টা কাম নকৰিলে শান্তি ক'ত!😏😏
তোমাৰ উল্টা_পুল্টা কামবোৰ,মিঠা অভিমানবোৰ,ক্ষন্তেকীয়া খংবোৰ্,হাঁহিবোৰ,হিয়া উজাৰ কৰি দিয়া মৰমবোৰ,সকলো মিলি পূৰ্ণ হৈ আছে মোৰ পৃথিৱী। তুমি আছা বাবেই সুন্দৰ এই জীৱন, সুন্দৰ মোৰ পৃথিৱী...❤️😘😘😘
Comments
Post a Comment