চকুপানীৰে আৰু কিমান দিন জীয়াই ৰাখিম তোমাক!
আজিও জানা জাক জাক বৰষুণ নামিছিল,
তুমি ছাগে বেয়াই পাবা!!
কলিজাৰ তেজক চিয়াঁহী কৰিম দিয়া এতিয়া
তুমি ভাল পাবা ন!
জানো মই তুমি সুখী হ'বা
তুমি যে চুলিৰ ভাজত আঙুলি বুলাই প্ৰায়ে কৈছিলা
"আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি!"
মায়াময় সেই ক্ষণত
তপত উশাহৰ সʼতে এজাক পখিলাই মোৰ কপালত ভিৰ কৰিছিল
আৰু তেতিয়ামানে তোমাৰ বুকুত কুচি_মুচি
মই শুই পৰিছিলো...
Comments
Post a Comment